LYRIC

Mumty Kashyap – Uroniya Mon | Sanu Sharma | Bapon Singha Lyrics

কিয় মন মোৰ উৰুঙা আজি
তোমাৰেই কথাকে ভাবি
উৰণীয়া মনে
তোমাকে বিচাৰে
মোৰ আশাৰে পাপৰি
গোলাপৰে পাহিটি
জানানে
বুজানে
দেখানে
ভাবানে

নিয়ৰৰে বুকুত
তোমাৰে দুচকুত
চকু থৈ কিনো ক’ম
ভাবি চোৱানে
চকুৰে ভাষা তুমি
বুজি পোৱানে
জুমি চোৱা জুমি চোৱা
মোৰ হিয়ালৈ
বুকু ভৰি আছে মৰম
তোমাক দিবলৈ
উৰণীয়া মনে
তোমাকে বিচাৰে
মোৰ আশাৰে পাপৰি
গোলাপৰে পাহিটি
জানানে
বুজানে
দেখানে
ভাবানে

ফাগুনৰ পচোৱাই
মনকে উতলাই
পলাশৰ ৰঙা ৰঙে
আকুল কৰেনে
নিজান পৰত মোলৈ
মনত পৰেনে
সাচি ৰখা বহু কথা আছে ক’বলৈ
বুকু ভৰি আছে মৰম তোমাক দিবলৈ
উৰণীয়া মনে
তোমাকে বিচাৰে
মোৰ আশাৰে পাপৰি
গোলাপৰে পাহিটি
জানানে
বুজানে
দেখানে
ভাবানে
 

Your email address will not be published. Required fields are marked *

ADVERTISEMENT